dcsimg

নিগনি ( Assamese )

provided by wikipedia emerging languages

নিগনি এন্দুৰ বৰ্গৰ আতাইতকৈ সৰু সদস্য বুলিব পাৰি।[1] নিগনি ১৫-২০ চেণ্টিমিটাৰ দীঘল আৰু ভৰত ৩০-৬০ গ্ৰাম হ'ব পাৰে। ২ৰ পৰা ৩ বছৰ জীয়াই থকা নিগনিয়ে ২২ কিলোমিটাৰ/ঘণ্টাৰ বেগতো দৌৰাৰ অভিলেখ আছে।[2]

 src=
নিগনি

প্ৰজনন

 src=
পিংকি

নিগনিৰ পোৱালিক পিংকি(pinky), মতা নিগনিক বাক(buck), আৰু মাইকী নিগনিক দ'(doe) বোলা হয়। ৬-৮ সপ্তাহৰ নিগনিয়ে পিংকি জন্ম দিয়া আৰম্ভ কৰিব পাৰে। নিগনিয়ে একেলগে ৫-১০ৰ গোটত পিংকি জন্ম কৰে।[3]

খাদ্য

নিগনিয়ে প্ৰায় শাকাহাৰী খাদ্য খোৱা দেখা যায়, কিন্তু প্ৰকৃততে নিগনি সৰ্বভোজী। নিগনিয়ে মৃত নিগনিৰ শ, ফল, গুটি শস্য, আৰু আকালৰ সময়ত নিজৰ নেজো খোৱা দেখা যায়। মাথো গ্ৰাচহোপাৰ নিগনি হে অকল মাংশাহাৰী।[4]

আচৰণ

বন্যাৱস্থাত

প্ৰাকৃতিক পৰিৱেশত নিগনিয়ে গাইগুটিয়া 'এলেকা' পাতি বাস কৰে। মতা নিগনিৰ এলেকা প্ৰায় মাইকী নিগনিৰ এলেকাতকৈ ডাঙৰ হয়। প্ৰায়ভাগ মাইকী নিগনিৰ এলেকাবোৰ মতা নিগনিৰ এলেকাৰ ভিতৰতে থাকে। মতা নিগনিয়ে নিজৰ ইচ্ছা মতে মাইকী নিগনিৰ এলেকাত প্ৰবেশ কৰিব পাৰে। এটি মতা নিগনিৰ এলেকাত এজনী বা এজনীতকৈ অধিক মাইকী নিগনিৰ এলেকাও থাকিব পাৰে।[5]

 src=
বনৰীয়া নিগনি

বন্দী অবস্থাত

 src=
ঘৰত ৰখা নিগনি

বন্দী অবস্থাত মাইকী নিগনিবোৰক অধিক সামাজিক দেখা যায়। ২-৩ মাইকী নিগনিক একেলগত ৰাখিলে কোনো কাজিয়া কৰা দেখা নাযায়। যদি একতকৈ অধিক মাইকী নিগনিয়ে একেলগে পিংকি জন্ম দিয়ে, কোনো কাজিয়া নকৰি নিগনিবোৰে পিংকিবোৰক একেলগে ডমাই ভৰণ পোষণ কৰাৰ দায়িত্ব লয়। কিছুমান ব্যবহাৰৰ বাহিৰে মতা নিগনিৰ ব্যবহাৰ বনত থকা নিগনিৰ দৰেই।[6]

তথ্যসূত্ৰ

  1. http://www.animalcorner.co.uk/pets/mice/mice_about.html 1st sentence
  2. http://www.animalcorner.co.uk/pets/mice/mice_about.html 2nd and 3rd paragraph
  3. http://www.animalcorner.co.uk/pets/mice/mice_about.html
  4. http://www.animalcorner.co.uk/pets/mice/mice_about.html 8th paragraph
  5. http://www.animalcorner.co.uk/pets/mice/mice_about.html Mouse behavior: Mouse behavior in the wild
  6. http://www.animalcorner.co.uk/pets/mice/mice_about.html Mouse behavior:Mouse behavior while captive
license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

নিগনি: Brief Summary ( Assamese )

provided by wikipedia emerging languages

নিগনি এন্দুৰ বৰ্গৰ আতাইতকৈ সৰু সদস্য বুলিব পাৰি। নিগনি ১৫-২০ চেণ্টিমিটাৰ দীঘল আৰু ভৰত ৩০-৬০ গ্ৰাম হ'ব পাৰে। ২ৰ পৰা ৩ বছৰ জীয়াই থকা নিগনিয়ে ২২ কিলোমিটাৰ/ঘণ্টাৰ বেগতো দৌৰাৰ অভিলেখ আছে।

 src= নিগনি
license
cc-by-sa-3.0
copyright
Wikipedia authors and editors