dcsimg

বন-ৰৌ ( Assamese )

provided by wikipedia emerging languages

বন-ৰৌ(ইংৰাজী: Pangolin) আফ্ৰিকা আৰু এছিয়া মহাদেশত দেখিবলৈ পোৱা এবিধ চাৰিঠেঙীয়া জন্তু ।

দৈহিক গঠন

জেঠী সদৃশ প্ৰকাণ্ড দেহটো ৰৌ-মাছৰ দৰে বাকলিৰে আবৃত । ইয়াৰ নেজ বৰ দীঘল আৰু কাণ সৰু । দেহৰ আকাৰ ৩০ – ১০০ ছে.মি.লৈকে হোৱা দেখা যায় ।

বিতৰণ

আফ্ৰিকাৰ পূৱ, মধ্য আৰু দক্ষিণ ভাগ, ছুদান , ভাৰত আৰু দক্ষিণ-পূৱ এছিয়াত এইবিধ জন্তু পোৱা যায় ।

বসতিস্থল

বেছিভাগ বন-ৰৌ/কেমটাই মাটিত বাস কৰে কিন্তু কিছুমান বনৰৌ গছতো বাস কৰে । ইহঁতে সাধাৰণতে শুকান, বালীঅহীয়া ঠাইত থাকি ভাল পায় ।

আচৰণ

ইহঁত নিশাচৰ; সাধাৰণতে অকলে থাকি ভাল পায় আৰু কেৱল মিলনৰ সময়তহে যোৰ পাতি থাকে । ঘ্ৰাণশক্তি বৰ বেছি আৰু ইয়াৰ সহায়তে খাবলৈ পোক-পতঙ্গ বিচাৰি উলিয়ায় । দাঁত নাই যদিও আঠা লগা জিভাখনেৰে পোক-পতঙ্গ ধৰিব পাৰে ।

ইহঁতক কোনোবা শত্ৰুয়ে আক্ৰমণ কৰিলে বল এটাৰ দৰে নিজৰ দেহাটো মেৰিয়াই লয় আৰু কেতিয়াবা দেহত থকা বাকলিৰে শত্ৰুক আক্ৰমণ কৰে । ইহঁতে বেয়া গন্ধ থকা জুলীয়া দ্ৰব্য নিঃসৰণ কৰিব পাৰে ।

স্থিতি তথা সংৰক্ষণ

তথ্যসূত্ৰ

  1. Schlitter, Duane A. (16 November 2005). Wilson, Don E., and Reeder, DeeAnn M., eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press, 2 vols. (2142 pp.). পৃষ্ঠা. 530–531. ISBN 978-0-8018-8221-0. OCLC 62265494. http://www.bucknell.edu/msw3.
license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

বন-ৰৌ: Brief Summary ( Assamese )

provided by wikipedia emerging languages

বন-ৰৌ(ইংৰাজী: Pangolin) আফ্ৰিকা আৰু এছিয়া মহাদেশত দেখিবলৈ পোৱা এবিধ চাৰিঠেঙীয়া জন্তু ।

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors