হাংগৰ বা শ্বাৰ্ক (ইংৰাজী: Shark) হৈছে মাছৰ এটা গোট। ইহঁতৰ এটা কাৰ্টিলেজৰ দ্বাৰা গঠিত কংকাল, মূৰৰ কাযত পাঁচৰ পৰা সাতটা পৰ্যন্ত ফুল প্ৰণালী থাকে, আৰু বিভক্তিত ফিছা থাকে। হাংগৰবোৰ অতি ভয়ানক আৰু সেইবাবে সিহঁতক দানৱ আখ্যাও দিয়া হয়৷ হাংগৰ থাকে সাগৰ-মহাসাগৰত৷ সাগৰত ২৫০ বিধমান হাংগৰ পোৱা যায়৷ সিঁহতৰ আকাৰ আৰু ৰং বেলেগ বেলেগ৷ আটাইতকৈ ডাঙৰ আকাৰৰ হাংগৰবোৰ ১৬ মিটাৰমান ডাঙৰ আৰু ১২০০ কিল'গ্ৰাম মানলৈকে ওজন হয়৷ আটাইতকৈ সৰু হাংগৰবিধ মাত্ৰ ৩০ চেণ্টিমিটাৰ দীঘল৷[1] আধুনিক হাংগৰবোৰ Selachimorpha (বা Selachii) গোত্ৰৰ অন্তৰ্গত raysবোৰৰ এটা ভগ্নী গোট। যিকিনহওক "হাংগৰ" বুলিলে Selachimorphaৰ বাহিৰেও উপ-শ্ৰেণী Elasmobranchiiৰ কিছুমান সদস্য, যেনে Cladoselache আৰু Xenacanthusৰ, লগতে Chondrichthyesৰ অন্তৰ্গত holocephalid eugenedontidansবোৰকো বুজায়। এই ব্যাপক অৰ্থ মতে, প্ৰায় ৪২০ নিযুত বছৰ আগতেই হাংগৰ প্ৰথম অৱস্থিতি ধাৰণা কৰা হয়।[2] Acanthodiansবোৰক প্ৰায়েই "spiny sharks" বুলি কোৱা হয়; যগিও ইহঁক প্ৰকৃততে Chondrichthyes নহয়।
হাংগৰৰ প্ৰায় ৫০০ত কৈও অধিক প্ৰজাতি আছে। ইহঁতৰ আকাৰ ক্ষুদ্ৰ dwarf lanternshark (Etmopterus perryi), যাৰ দৈৰ্ঘ্য মাত্ৰ 17 centimetres (6.7 in)ৰ পৰা 12 মিটাৰs (39 ফুট) পৰ্যন্ত দৈৰ্ঘ্যৰ whale shark (Rhincodon typus) পৰ্যন্ত হব পাৰে। whale shark হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মাছ। হাংগৰ সমুদ্ৰত থাকে আৰু প্ৰায় 2,000 মিটাৰs (6 ফুট) গভীৰতাত বেছিকৈ দেখা পোৱা যায়। bull shark আৰু river sharkৰ দৰে কিছুমান ব্যতিক্ৰম বাদদি ইহঁতক সাধাৰণতে অলুনীয়া পানীত দেখা পোৱা নাযায়।[3] ইহঁতে সাতটা ফুল প্ৰণালীৰ জৰিয়তে শ্বাস-প্ৰশ্বাস লয়। হাংগৰৰ এক প্ৰকাৰৰ dermal denticle আৱৰণ থাকে, যি সিহঁতৰ চালক ক্ষতি তথা পৰজীৱীৰ পৰা সুৰক্ষিত কৰাৰ লগতে জলীয় গতিতো সহায় কৰে। ইহঁতৰ কেইবা শাৰীও প্ৰতিস্থাপনীয় দাঁত থাকে।[4]
Great white shark, tiger shark, blue shark, mako shark আৰু hammerhead shark-ৰ দৰে বিখ্যাত হাংগৰ প্ৰজাতিবোৰ প্ৰথম শ্ৰেণীৰ উপভোক্তা —জলজ খাদ্য সৃংখলৰ একেবাৰে ওপৰত অৱস্থিত জীৱ। মানুহৰ ক্ৰিয়াকলাপৰ ফলত বহু হাংগৰ প্ৰজাতি আজি বিলুপ্তিৰ পথত।
হাংগৰৰ নাক জোঙা আৰু মুখখন ডাঙৰ৷ দাঁতবোৰ চোকা আৰু কেবাপাৰিকৈ থাকে৷ সিহঁতৰ ঘ্ৰাণশক্তি প্ৰখৰ৷ শ্ৰৱণ শক্তিও সমানে তীব্ৰ৷ কেইবিধমান হাংগৰহে নৰখাদক৷ যেনে - হোৱাই ছাৰ্ক৷ ইহঁত ৩৬ ফুট দীঘল আৰু ৪ টন ওজনৰ হয়৷
হাংগৰ বা শ্বাৰ্ক (ইংৰাজী: Shark) হৈছে মাছৰ এটা গোট। ইহঁতৰ এটা কাৰ্টিলেজৰ দ্বাৰা গঠিত কংকাল, মূৰৰ কাযত পাঁচৰ পৰা সাতটা পৰ্যন্ত ফুল প্ৰণালী থাকে, আৰু বিভক্তিত ফিছা থাকে। হাংগৰবোৰ অতি ভয়ানক আৰু সেইবাবে সিহঁতক দানৱ আখ্যাও দিয়া হয়৷ হাংগৰ থাকে সাগৰ-মহাসাগৰত৷ সাগৰত ২৫০ বিধমান হাংগৰ পোৱা যায়৷ সিঁহতৰ আকাৰ আৰু ৰং বেলেগ বেলেগ৷ আটাইতকৈ ডাঙৰ আকাৰৰ হাংগৰবোৰ ১৬ মিটাৰমান ডাঙৰ আৰু ১২০০ কিল'গ্ৰাম মানলৈকে ওজন হয়৷ আটাইতকৈ সৰু হাংগৰবিধ মাত্ৰ ৩০ চেণ্টিমিটাৰ দীঘল৷ আধুনিক হাংগৰবোৰ Selachimorpha (বা Selachii) গোত্ৰৰ অন্তৰ্গত raysবোৰৰ এটা ভগ্নী গোট। যিকিনহওক "হাংগৰ" বুলিলে Selachimorphaৰ বাহিৰেও উপ-শ্ৰেণী Elasmobranchiiৰ কিছুমান সদস্য, যেনে Cladoselache আৰু Xenacanthusৰ, লগতে Chondrichthyesৰ অন্তৰ্গত holocephalid eugenedontidansবোৰকো বুজায়। এই ব্যাপক অৰ্থ মতে, প্ৰায় ৪২০ নিযুত বছৰ আগতেই হাংগৰ প্ৰথম অৱস্থিতি ধাৰণা কৰা হয়। Acanthodiansবোৰক প্ৰায়েই "spiny sharks" বুলি কোৱা হয়; যগিও ইহঁক প্ৰকৃততে Chondrichthyes নহয়।