dcsimg
Image of Khus-Khus
Creatures » » Plants » » Dicotyledons » » True Grasses »

Khus Khus

Chrysopogon zizanioides (L.) Roberty

বিৰিণা ( Assamese )

provided by wikipedia emerging languages

বিৰিণা (বৈজ্ঞানিক নাম: Vetiveria zizanioides; ইংৰাজী:Vetiver) এবিধ দ-চানেকীয়া ঠাইত উৎপন্ন হোৱা ওখ ঘাঁহজাতীয় উদ্ভিদ৷[2] এই বন একেঠাইতে সৰহীয়াকৈ উৎপত্তি হয়৷

বিস্তৃতি

বিৰিণা নেপাল, ভাৰত, বাংলাদেশ আৰু ভূটানত বহুলভাৱে বিস্তৃত হৈ আছে৷ এই ঘাঁহে বাৰিষাৰ পানীয়ে পলসুৱা কৰা মাটিত খৰকৈ বৃদ্ধি পাই বৃহৎ অঞ্চল আগুৰি পেলাব পাৰে৷

বিৱৰণ

বিৰিণাৰ পাতবোৰ খেৰজাতীয় উদ্ভিদৰ দৰে দীঘল দীঘল হয়৷ ইয়াৰ থোপাথোপে বগা ৰঙৰ ফুল ফুলে৷[2]

ব্যৱহাৰ

বিৰিণাজাতীয় ঘাঁহসমূহ এশিঙীয়া গঁড় ৰ বাবে গুৰুত্বপূৰ্ণ বসতিস্থল৷

বহু ঠাইৰ এই ঘাঁহ ঘৰৰ ছাল বা বেঁৰা সাজিবলৈ ব্যৱহাৰ কৰা হয়৷ তাৰোপৰি আয়ুৰ্বেদতো এই ঘাঁহৰ ব্যৱহাৰ উল্লেখ আছে৷[3][4]

তথ্যউৎস

  1. "The Plant List: A Working List of All Plant Species". http://www.theplantlist.org/tpl1.1/record/kew-405169। আহৰণ কৰা হৈছে: May 8, 2014.
  2. 2.0 2.1 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  3. Pankaj Oudhia (2001-3)
  4. http://assamplants.com/All%20Species/Saccharum%20spont.htm

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

বিৰিণা: Brief Summary ( Assamese )

provided by wikipedia emerging languages

বিৰিণা (বৈজ্ঞানিক নাম: Vetiveria zizanioides; ইংৰাজী:Vetiver) এবিধ দ-চানেকীয়া ঠাইত উৎপন্ন হোৱা ওখ ঘাঁহজাতীয় উদ্ভিদ৷ এই বন একেঠাইতে সৰহীয়াকৈ উৎপত্তি হয়৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors