বনকুকুৰা (ইংৰাজী: Red Junglefowl; বৈজ্ঞানিক নাম-Gallus gallus) Pheasant পৰিয়ালৰ অন্তৰ্গত আৰু ইয়াক প্ৰধানত: বিষুৱীয় অঞ্চলত পোৱা যায়৷ ইয়াক বৰ্তমান পোহনীয়া কুকুৰা চৰাইৰ পূৰ্বপূৰুষ বুলি গণ্য কৰা হয়৷ [2] বনকুকুৰা পোনপ্ৰথমে প্ৰায় পাঁচ হাজাৰ বছৰ পূৰ্বে এছিয়াত পোহনীয়া কৰাৰ প্ৰচেষ্টা চলিছিল৷ পৰৱৰ্ত্তী কালত ই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰে আৰু বৰ্তমান মাংস আৰু কণীৰ বাবে ইয়াক মুল উৎস বুলি গণ্য কৰে হয়৷[3]
বনকুকুৰা ভাৰতৰ তামিলনাডু ৰ পৰা সমগ্ৰ উত্তৰ-পূব ভাৰত, চীন, মালয়েছিয়া, ফিলিপাইনছ আৰু ইণ্ডোনেছিয়া পৰ্যন্ত বিস্তৃত হৈ আছে৷
বনকুকুৰাৰ কেইবাটাও উপ-প্ৰজাতি দেখা যায়৷ এই উপ-প্ৰজাতিসমূহ হ'ল-
বনকুকুৰাৰ মতা আৰু মাইকী চৰাই দেখিবলৈ বেলগ বেলেগ হয়৷ মতা চৰাইটো মাইকীজনীতকৈ যথেষ্ট ডাঙৰ আৰু ইহঁতৰ মূৰত ডাঙৰকৈ ৰঙা বৰণৰ মূকূট থাকে৷ ইয়াৰ নেজত ক'লা বৰণৰ ডাং খাই থকা পাখি থাকে৷ আনহাতে মাইকীজনীৰ দেহ পাতল মটিয়া ধৰণৰ আৰু চাৰিওকাষৰ পৰিৱেশৰ স'তে মিলিও থাকে৷ মাইকী বনকুকুৰাৰ মূৰত কোনোধৰণৰ মুকূট নাথাকে৷
প্ৰজননৰ সময়ত মতা বনকুকুৰাই খুবেই পৰিচিত 'কু-কু-ৰুক..কু ধৰণে মাতি নিজৰ অৱস্থিতিৰ বিষয়ে জনায়৷ ই মাইকী জনীক আকৰ্ষিত কৰা আৰু অন্য মতা বনকুকুৰাক সাৱধান কৰি দিয়াত সহায় কৰে৷ [4][5]
মাইকী জনীৰ উপস্থিতিত খাদ্য বিচাৰি পালে মতা বনকুকুৰাই এবিধ বিশেষ ধৰণৰ মাত উলিয়ায় আৰু প্ৰদৰ্শন কৰে৷ ইয়াক 'tidbitting' বুলি কোৱা হয়৷[6] [7]তথ্য অনুসৰি যিবোৰ মতা বনকুকুৰাই ভক্ষকৰ আগমণ সম্পৰ্কত সতৰ্কমূলক মাত মাতে, [8] সেইবোৰক মাইকী বনকুকুৰাই বেছিকৈ পছন্দ কৰে৷ [9]
বনকুকুৰা সাধাৰণতে সৰ্বভক্ষী৷ ইহঁতে পোক-পৰুৱা, গছৰ গুটি আৰু ফল-মূল ইত্যাদি খায়৷ [10]
ইহঁতে খুউব কমকৈ উৰে৷ সাধাৰণতে গছৰ কিছু ওপৰত থকা জিৰণি লোৱাৰ ঠাইলৈ যাবলৈ উৰাৰ বাহিৰে অন্য সময়ত উৰা দেখা নাযায়৷
২০১২ চনৰ জুলাই মাহত ড° এলিচ ষ্ট'ৰি (Alice Storey) য়ে ঘোষণা কৰে যে তেওঁ আৰু গৱেষকৰ দলটোৱে মাইটকণ্ড্ৰিয়েল ডি এন এৰ সহায়ত কৰা এটা গৱেষণাত ইউৰোপ, থাইলেণ্ড, ফ্লৰিডাৰ পৰা আহৰণ কৰা ৩০০০ বছৰীয়া পুৰণি নমুনা (sample)ৰ পৰা প্ৰমাণ হৈছে যে বনকুকুৰাক পোহনীয়া কৰিয়ে বৰ্তমানৰ মানুহৰ খাদ্য কুকুৰাৰ উৎপত্তি হৈছৈ৷ এই পোহনীয়াকৰণ প্ৰক্ৰিয়া কমেও ৫,৪০০ বছৰ পূৰ্বে আৰম্ভ হৈছিল বুলি জনা যায়৷ [3]
এই গোত্ৰৰ আন তিনিটা প্ৰজাতি হ'ল- শ্ৰীলংকাৰ বনকুকুৰা (Gallus lafayetii), মুগা বনকুকুৰা ( Grey Junglefowl, (Gallus sonneratii)) আৰু সেউজীয়া বনকুকুৰা ( Green Junglefowl (Gallus varius))৷ এই তিনিটা প্ৰজাতিয়ে বনকুকুৰাৰ সৈতে হাইব্ৰিড প্ৰজাতি গঠন নকৰে৷ গতিকে ঘৰচীয়া কুকুৰাৰ একমাত্ৰ ইয়াৰ পৰাই উৎপত্তি হৈছে বুলি কোৱা হয়৷ [2]
বনকুকুৰা (ইংৰাজী: Red Junglefowl; বৈজ্ঞানিক নাম-Gallus gallus) Pheasant পৰিয়ালৰ অন্তৰ্গত আৰু ইয়াক প্ৰধানত: বিষুৱীয় অঞ্চলত পোৱা যায়৷ ইয়াক বৰ্তমান পোহনীয়া কুকুৰা চৰাইৰ পূৰ্বপূৰুষ বুলি গণ্য কৰা হয়৷ বনকুকুৰা পোনপ্ৰথমে প্ৰায় পাঁচ হাজাৰ বছৰ পূৰ্বে এছিয়াত পোহনীয়া কৰাৰ প্ৰচেষ্টা চলিছিল৷ পৰৱৰ্ত্তী কালত ই সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰে আৰু বৰ্তমান মাংস আৰু কণীৰ বাবে ইয়াক মুল উৎস বুলি গণ্য কৰে হয়৷