dcsimg

ষ্টিভিয়া ( Assamese )

provided by wikipedia emerging languages

ষ্টিভিয়া (ইংৰাজী: Stevia) এষ্টাৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ উদ্ভিদ৷ ই দক্ষিণ আমেৰিকাৰ পাৰাগুৱে আৰু ব্ৰাজিল মূলৰ৷ ইয়াক সাধাৰণতে "Sweet leaf" বুলি জনা যায়৷ ভাৰতৰ কিছুমান ঠাইত ইয়াক "মধুপত্ৰ" বুলি নামাকৰণ কৰিছে৷ ইয়াৰ পাত চেনিতকৈ ৩০-৪০ শতাংশ মিঠা বাবে চেনিৰ সলনি বহুতো দেশত ব্যৱহাৰ কৰা দেখা যায়৷ ষ্টিভিয়া বৰ্গৰ অন্তৰ্গত ১৫৪ টা সদস্যৰ ভিতৰত অকল ষ্টিভিয়া ৰিবাউডিয়ানা প্ৰজাতিতহে মিঠা গ্লাইক'ছাইড-ষ্টিভিয়ল প্ৰকৃতিগতভাৱে পোৱা যায়৷ ইয়াৰ পাতৰপৰা নিষ্কাশন কৰি উলিওৱা ষ্টিভিঅ'ছাইড চেনিতকৈ ৩০০-৪০০ গুণ বেছি মিঠা৷ [1]

ইতিহাস

হাবি-বননিত পোৱা ষ্টিভিয়া পাৰাগুৱান-ইণ্ডিয়ানসকলে বহু বছৰৰ পৰা মিঠা হিচাপে ব্যৱহাৰ কৰি আহিছে৷ বাৰ্টনি (M.S.Bertoni) চাহাবে ১৮৮৭ চনত পাৰাগুৱে ভ্ৰমণ কৰা সময়ত তাৰ বাসিন্দাসকলৰপৰা এইবিধ আচৰিত গছৰ কথা জানিব পাৰি ইউৰোপৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ ষ্টিভিয়াৰ ব্যৱসায়িক খেতি ১৯৬৪ চনৰপৰাহে পাৰাগুৱেত আৰম্ভ হয়৷ [1]

 src=
ষ্টিভিয়াৰ মূল অংশ ষ্টিভিয়ল গ্লাইক'ছাইডৰ গঠন

বিৱৰণ

ষ্টিভিয়া এবিধ বহুবৰ্ষী সৰু জোপোহা গছ৷ ই প্ৰায় ৬৫-১০০ চেণ্টিমিটাৰ ওখ হয়৷ ইয়াৰ পাতবোৰ দীঘে প্ৰায় ৫ চেণ্টিমিটাৰ আৰু বহল প্ৰায় ২ চেণ্টিমিটাৰ৷ ফুলবোৰ সৰু (৭-১৫ মিলিমিটাৰ),বগা আৰু ইয়াৰ পুষ্প বিন্যাস অনিয়মিত চাইম(irregular cyme)৷

ষ্টিভিয়াৰ গুটিবোৰ বৰ সৰু,একনি (achene) লগতে পাখিযুক্ত (feathery pappus) হয়৷ ষ্টিভিয়া দিপ্লইড (diploid) আৰু ১১ যোৰ ক্ৰম'জম যুক্ত৷ ইয়াৰ মিঠা ৰাসায়নিক চৰিত্ৰৰ কাৰণ ইয়াত থকা ষ্টিভিঅ'ছাইড বুলি ১৯৩১ চনত বিজ্ঞানীসকলে উৎঘাটন কৰে৷[1]

 src=
ষ্টিভিয়া গছ

কৃষি পদ্ধতি

 src=
ষ্টিভিয়াৰ পৰা নিসৃত অংশ বজাৰত বিক্ৰী

ষ্টিভিয়াৰ খেতি পানী নজমা ওখ যিকোনো মাটিতেই কৰিব পৰা যায়৷ মাটি দীঘে-পথালিয়ে সমান কৰি ল'ব লাগে৷ ষ্টিভিয়া গুটিৰপৰা পুলি কৰা কিছু কঠিন৷ গতিকে কাটিঙৰপৰা ষ্টিভিয়া ৰোৱা হয়৷ যদি গুটিৰপৰা পুলি কৰা হয় তেতিয়া ট্ৰেত গুটি দি গ্ৰীন হাউচত ৭-৮ সপ্তাহ ৰাখিব লাগে৷ ষ্টিভিয়াৰ শাৰীৰ মাজত ৬০ চেণ্টিমিটাৰ আৰু পুলিৰ মাজত ৩০ চেণ্টিমিটাৰ পাৰ্থক্য ৰাখিব লাগে৷

ইয়াৰ খেতিত সাৰৰ প্ৰয়োজন বৰ বেছি নহয়৷ সাধাৰণ মাটিN100 P2 50K2 050 কিল'গ্ৰাম প্ৰতি হেক্টৰ মাটিত প্ৰয়োগ কৰিব লাগে৷ অপতৃণ,তৃণনাশক দ্ৰব্য ব্যৱস্থা কৰাৰ সলনি হাতেৰে বন উঠোৱা অধিক ফলপ্ৰসু হয় বুলি জনা যায়৷ কীট-পতংগৰ ভিতৰত সাধাৰণতে পাত কটা আৰু লুপাৰ পোক অধিক হোৱা দেখা যায়৷ আনহাতে,গৰু-ছাগলীৰ পৰা এই খেতি সততে আঁতৰত ৰাখিব লাগে৷ ষ্টিভিয়া ফুলাৰ আগে আগে কাটিলে বা আগবোৰ চিঙিলে অধিক পাত আৰু ষ্টিভিঅ'ছাইড পোৱা যায়৷ বছৰত ৩-৪ বাৰ ছিঙিব পাৰি৷ হেক্টৰে প্ৰতি প্ৰায় ২২,০০০ কিল'গ্ৰাম কেঁচা পাতৰপৰা ৬,০০০ কিল'গ্ৰাম শুকান পাত পোৱা যায়৷ কাটি অনা ডাল-পাতবোৰ লগে লগে শুকাব লাগে৷ [1]

ব্যৱসায়

১৯৭৭ চনৰপৰাই জাপানে ব্যৱসায়িক ভিত্তিত ষ্টিভিয়াৰ খেতি কৰিছে আৰু খাদ্য-দ্ৰব্য,কোমল পানীয় আদিত ব্যৱহাৰ কৰি আহিছে৷ জাপানে ৪০ শতাংশতকৈ অধিক ষ্টিভিয়াৰ চেনি ব্যৱহাৰ কৰে৷ এছিয়া মহাদেশচীন,কোৰিয়া,টাইৱান,থাইলেণ্ড,মালয়েছিয়া,ভাৰত আদি দেশত ইয়াৰ ব্যৱসায়িক খেতি কৰিবলৈ লৈছে৷ বৰ্তমান ষ্টিভিঅ'ছাইড ৰপ্তানি কৰাত চীন দেশ পৃথিৱীৰ ভিতৰত প্ৰথম৷[1]

ঔষধি গুণ

 src=
S. rebaudiana foliage

ষ্টিভিয়া পাতৰ ৰসত বহুবোৰ গুণ আছে৷ চেনিৰ সলনি ব্যৱহাৰ কৰাৰ উপৰিও ইয়াৰ এণ্টি-বেক্টেৰিয়েল,এণ্টি-ফাংগেল,এণ্টি-ইনফ্ৰেমেটৰি,এণ্টি-মাইক্ৰ'বিয়েল,এণ্টি-ইষ্ট আদি বিশেষ গুণ আছে৷ ইয়াৰ কাৰ্ড'টনিক ডাইৰেটিক আৰু হাইপ'গ্লাইচেমিক গুণ আছে৷ সেয়ে মধুমেহ ৰোগীৰ বাবে ই আৰ্শীবাদস্বৰূপ৷ ইয়াৰ ৰস কটা-চিঙাত ব্যৱহাৰ কৰিলে সোনকালে শুকায়৷ উচ্চ ৰক্তচাপ আৰু শৰীৰৰ মেদ কমায়৷ হজম হোৱাত সহায় কৰাৰৰ উপৰিও গেষ্টিক আলচাৰ নিৰাময় কৰে৷ সাধাৰণ পানী লগাতো ই উপকাৰী৷ আনকি,ষ্টিভিয়াৰ পাতৰ ৰস ব্যৱহাৰ কৰিলে মদৰ ৰাগী বা ধপাত খোৱা অভ্যাস আঁতৰাব পাৰি৷ [1]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 1.4 1.5 ড° তৰুণ চন্দ্ৰ শৰ্মা (জুন-জুলাই ২০০৬). "উত্তৰ-পূৰ্বাঞ্চলত ষ্টিভিয়া খেতিৰ সম্ভাৱনা". বিজ্ঞান জেউতি খণ্ড ৪১ (১ম সংখ্যা): পৃষ্ঠা ২৯-৩১.

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

ষ্টিভিয়া: Brief Summary ( Assamese )

provided by wikipedia emerging languages

ষ্টিভিয়া (ইংৰাজী: Stevia) এষ্টাৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ উদ্ভিদ৷ ই দক্ষিণ আমেৰিকাৰ পাৰাগুৱে আৰু ব্ৰাজিল মূলৰ৷ ইয়াক সাধাৰণতে "Sweet leaf" বুলি জনা যায়৷ ভাৰতৰ কিছুমান ঠাইত ইয়াক "মধুপত্ৰ" বুলি নামাকৰণ কৰিছে৷ ইয়াৰ পাত চেনিতকৈ ৩০-৪০ শতাংশ মিঠা বাবে চেনিৰ সলনি বহুতো দেশত ব্যৱহাৰ কৰা দেখা যায়৷ ষ্টিভিয়া বৰ্গৰ অন্তৰ্গত ১৫৪ টা সদস্যৰ ভিতৰত অকল ষ্টিভিয়া ৰিবাউডিয়ানা প্ৰজাতিতহে মিঠা গ্লাইক'ছাইড-ষ্টিভিয়ল প্ৰকৃতিগতভাৱে পোৱা যায়৷ ইয়াৰ পাতৰপৰা নিষ্কাশন কৰি উলিওৱা ষ্টিভিঅ'ছাইড চেনিতকৈ ৩০০-৪০০ গুণ বেছি মিঠা৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors