dcsimg
Image of myrobalan
Creatures » » Plants » » Dicotyledons » » Combretum Family »

Myrobalan

Terminalia bellirica (Gaertn.) Roxb.

ভোমোৰা (বৃক্ষ) ( Assamese )

provided by wikipedia emerging languages

ভোমোৰা (বৈজ্ঞানিক নাম:Terminalia bellirica; অন্য নাম: বহেৰা; বড়ো: ভোওৰা; ৰাভা: ভাওৰাই) এবিধ ডাঙৰ আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ৷ উজনি আৰু নামনি অসমৰ বনাঞ্চলত এইগছবিদ দেখা পোৱা যায়৷[2]

বিৱৰণ

ভোমোৰা গছৰ বাকলি ধোৱাঁবৰণীয়া অথবা মদৰুৱা৷ বাকলিৰ উপৰিভাগৰ পৰা সৰু সৰু নিকৰি ওলাই থাকে৷ বাকলিৰ ভিতৰভাগ হালধীয়া৷[2]

এই গছৰ ঠাৰিবোৰৰ আগভাগত পাতবোৰ থুপপাতি ওলায়৷ পাতৰ আকাৰ দীঘলীয়া আৰু বহল চানেকীয়া৷ পাতখিলাৰ আগফালে ক্ৰমে জোঙা হৈ পৰে৷ এই গছৰ ফুলবোৰ সেউজ-বুলীয়া অথবা হালধীয়া৷ ফলৰ আকৃতি দীঘলীয়া৷[2]

ব্যৱহাৰ

ভোমোৰাৰ ফলৰ ঔষধি গুণ আছে বুলি জনা যায়৷ আমলখি আৰু শিলিখাৰ লগত ভোমোৰাৰ ফলৰ গুৰি মিলাই ত্ৰিফলা প্ৰস্তুত কৰা হয়৷[2]

তথ্যউৎস

  1. IPNI database
  2. 2.0 2.1 2.2 2.3 অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

ভোমোৰা (বৃক্ষ): Brief Summary ( Assamese )

provided by wikipedia emerging languages

ভোমোৰা (বৈজ্ঞানিক নাম:Terminalia bellirica; অন্য নাম: বহেৰা; বড়ো: ভোওৰা; ৰাভা: ভাওৰাই) এবিধ ডাঙৰ আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ৷ উজনি আৰু নামনি অসমৰ বনাঞ্চলত এইগছবিদ দেখা পোৱা যায়৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors