ৰাঙল ফুল বা ইক্সৰা (ইংৰাজী: Ixora) হৈছে ৰুবিয়েছী (Rubiaceae) পৰিয়ালৰ অন্তৰ্গত সপুষ্পক উদ্ভিৰ এটা গণ। ইক্সৰিয়া (Ixoreae) জাতিৰ ই একমাত্ৰ গণ। এই গণৰ প্ৰায় ৫৬২ টা প্ৰজাতি আছে। ই এক প্ৰকাৰৰ চিৰসেউজীয়া আৰু জোপোহা উদ্ভিদ।[1] ইয়াক অসমীয়াত ৰাঙল বা ৰঙীয়াল ফুল বুলি কয়। আমেৰিকাত ইয়াক ৱেষ্ট ইণ্ডিয়ান জেছ্মিন (West Indian Jasmine) বুলি কয়। ইয়াৰ অন্য নামবোৰ হৈছে ভিৰুচি (viruchi), ৰঙ্গন (rangan), খেমে (kheme), পন্না (ponna), চান টানিয়া (chann tanea), টেচি (techi), পান (pan), ছিয়াণ্টান (siantan), জাৰুম−জাৰুম/জেজাৰুম (jarum-jarum/jejarum), জাংগল ফ্লেম (jungle flame), জাংগল গেৰাণিয়াম (jungle geranium), ক্ৰুজ ডে মাল্টা (cruz de Malta) ইত্যাদি। ইয়াক সাধাৰণতে হিন্দু পুজা আৰু আয়ুৰ্বেদ আৰু ভাৰতীয় পৰম্পৰাগত ঔষধ হিচাপে ব্যৱবাৰ কৰা হয়।
ৰাঙল ফুল বা ইক্সৰা (ইংৰাজী: Ixora) হৈছে ৰুবিয়েছী (Rubiaceae) পৰিয়ালৰ অন্তৰ্গত সপুষ্পক উদ্ভিৰ এটা গণ। ইক্সৰিয়া (Ixoreae) জাতিৰ ই একমাত্ৰ গণ। এই গণৰ প্ৰায় ৫৬২ টা প্ৰজাতি আছে। ই এক প্ৰকাৰৰ চিৰসেউজীয়া আৰু জোপোহা উদ্ভিদ। ইয়াক অসমীয়াত ৰাঙল বা ৰঙীয়াল ফুল বুলি কয়। আমেৰিকাত ইয়াক ৱেষ্ট ইণ্ডিয়ান জেছ্মিন (West Indian Jasmine) বুলি কয়। ইয়াৰ অন্য নামবোৰ হৈছে ভিৰুচি (viruchi), ৰঙ্গন (rangan), খেমে (kheme), পন্না (ponna), চান টানিয়া (chann tanea), টেচি (techi), পান (pan), ছিয়াণ্টান (siantan), জাৰুম−জাৰুম/জেজাৰুম (jarum-jarum/jejarum), জাংগল ফ্লেম (jungle flame), জাংগল গেৰাণিয়াম (jungle geranium), ক্ৰুজ ডে মাল্টা (cruz de Malta) ইত্যাদি। ইয়াক সাধাৰণতে হিন্দু পুজা আৰু আয়ুৰ্বেদ আৰু ভাৰতীয় পৰম্পৰাগত ঔষধ হিচাপে ব্যৱবাৰ কৰা হয়।