dcsimg

গলমণিকা ( assamais )

fourni par wikipedia emerging languages

গলমণিকা (ইংৰাজী: Rose-ringed Parakeet, বৈজ্ঞানিক নাম-Psittacula krameri) এটা জাকৰুৱা এফ্ৰো-এছিয়ান (Afro-Asian) ভাটৌৰ প্ৰজাতি৷ ই সমগ্ৰ ভাৰতত বহুলভাৱে বিস্তৃত৷ যিহেতু ইয়াৰ জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে, সেয়ে আই.ইউ. চি. এন এ ইয়াক 'Least Concern' প্ৰজাতিসমূহৰ অন্তৰ্ভুক্ত কৰিছে৷ [1]

গলমণিকা ঘৰচীয়া চৰাই হিচাপেও বিখ্যাত৷[2] ই জনবসতিপূৰ্ণ অঞ্চলত বসবাস কৰিবলৈ বিশেষভাৱে অভিযোজিত বাবে বনাঞ্চল ধ্বংস বা নগৰীকৰণে ইয়াৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাই৷

বিৱৰণ

গলমণিকাৰ দেহৰ গড় দৈৰ্ঘ্য প্ৰায় ৪০ ছে: মি: হয়৷ কেৱল ডেউকাৰ দৈৰ্ঘ্য ১৫-১৭.৫ ছে: মি: হয়৷ ইয়াৰ দেহ মূলতঃ সেউজীয়া বৰণৰ আৰু নেজ যথেষ্ট দীঘল৷ গলমণিকাৰ মতা আৰু মাইকী দেখিবলৈ কিছু ভিন্ন হয়৷ মতা চৰাইৰ ডিঙিত গুলপীয়া ৰঙৰ মণিৰ দৰে এডাল আঁচ থাকে বাবে ইয়াক গলমণিকা নামেৰে অভিহিত কৰা হয়৷

 src=
The beak-lock, a common act among parakeet pairs.

টেক্স'নমি

গলমণিকাৰ মুঠ চাৰিটা উপপ্ৰজাতি দেখা যায়-

  • আফ্ৰিকান উপ-প্ৰজাতি:
African-ringnecked (aka ARN) Parakeet (P. krameri krameri): পশ্চিম আফ্ৰিকা, পূব আৰু পশ্চিম উগাণ্ডা আৰু দক্ষিণ চুডানত পোৱা যায়৷
Abyssinian-ringnecked (aka Aby-RN) Parakeet (P. krameri parvirostris): উত্তৰ-পশ্চিম ছোমালিয়া, চুডান ৷
  • এছিয়ান উপ-প্ৰজাতি:
Indian-ringnecked (aka IRN) Parakeet (P. krameri manillensis): ভাৰত উপমহাদেশ, অষ্ট্ৰেলিয়া, গ্ৰেট ব্ৰিটেইন, আমেৰিকা ইত্যাদিত বহুলভাৱে বিস্তৃত ৷
Boreal or Neumann's ringnecked (aka BRN) Parakeet (P. krameri borealis) : বাংলাদেশ, পাকিস্তান, উত্তৰ ভাৰত, নেপাল আৰু ম্যানমাৰত দেখা যায়৷

খাদ্য

 src=
গছৰ খোৰোঙত গলমণিকাৰ পোৱালি

বনৰীয়া গলমণিকাই প্ৰধানতঃ ফল-মূল, শাক-পাচলি, গুটি আদি খাই জীয়াই থাকে৷ ইহঁতে বৃহৎ জাক পাতি খেতি-পথাৰ আদিত খাই বিস্তৰ ক্ষতি কৰে৷ [3] অন্য দক্ষিণ এছিয়াৰ চৰাইৰ প্ৰজাতিৰ পৰা ব্যতিক্ৰম হিচাপে ইহঁতে শীতকালতো প্ৰজনন কৰে৷ [4]

এভিকালচাৰ (Aviculture)

গলমণিকা পোহনীয়া চৰাই হিচাপে যথেষ্ট জনপ্ৰিয়৷ ঐতিহাসিক কালৰে পৰা ইয়াক মানুহে পোহাৰ তথ্য পোৱা যায়৷ পূ্ৰ্বতে গ্ৰীচত ভাৰতীয় উপ-প্ৰজাতি P. krameri manillensis আৰু ৰোমত আফ্ৰিকান উপ-প্ৰজাতি es P. krameri krameriক পোহনীয়া হিচাপে ৰখাৰ তথ্য আছে৷ বৰ্তমান বিভিন্ন ধৰণৰ ৰঙত ভাৰতীয় গলমণিকা বজাৰত পোৱা যায়৷ [5]

অনুকৰণধৰ্মিতা (Mimicry)

গলমণিকাৰ মতা আৰু মাইকী দুয়োটা চৰাইৰে মানুহৰ মাত নকল কৰিব পৰাৰ ক্ষমতা আছে৷ প্ৰথমে ই চাৰিওফালৰ শব্দবোৰ শুনে আৰু তাৰ পিছত একেধৰণে নকল কৰে৷ কিছুমান মানুহে কেৱল এইবাবেই গলমণিকাৰ পোৱালী নিজে ডাঙৰ কৰে৷[উদ্ধৃতিৰ প্ৰয়োজন]

আলোকচিত্ৰৰ ভঁৰাল

তথ্য সংগ্ৰহ

  1. 1.0 1.1 BirdLife International (2012). "Psittacula krameri". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106001529। আহৰণ কৰা হৈছে: 16 July 2012.
  2. Jobling, J. A. (1991). A Dictionary of Scientific Bird Names. OUP. ISBN 0-19-854634-3.
  3. Sailaja, R., Kotak, V.C., Sharp, P.J., Schmedemann, R., Haase, E. 1988 Environmental, dietary, and hormonal factors in the regulation of seasonal breeding in free-living female Indian rose-ringed parakeets (Psittacula krameri). Hormones and Behavior 22 (4), pp. 518–527
  4. Krishnaprasadan, T.N., Kotak, V.C., Sharp, P.J., Schmedemann, R., Haase, E. (1988) Environmental and hormonal factors in seasonal breeding in free-living male Indian rose-ringed parakeets (Psittacula krameri). Hormones and Behavior 22 (4):488–496
  5. Alderton, David (2003). The Ultimate Encyclopedia of Caged and Aviary Birds. প্ৰকাশক London, England: Hermes House. পৃষ্ঠা. 189–190. ISBN 1-84309-164-X.

licence
cc-by-sa-3.0
droit d’auteur
Wikipedia authors and editors

গলমণিকা: Brief Summary ( assamais )

fourni par wikipedia emerging languages

গলমণিকা (ইংৰাজী: Rose-ringed Parakeet, বৈজ্ঞানিক নাম-Psittacula krameri) এটা জাকৰুৱা এফ্ৰো-এছিয়ান (Afro-Asian) ভাটৌৰ প্ৰজাতি৷ ই সমগ্ৰ ভাৰতত বহুলভাৱে বিস্তৃত৷ যিহেতু ইয়াৰ জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে, সেয়ে আই.ইউ. চি. এন এ ইয়াক 'Least Concern' প্ৰজাতিসমূহৰ অন্তৰ্ভুক্ত কৰিছে৷

গলমণিকা ঘৰচীয়া চৰাই হিচাপেও বিখ্যাত৷ ই জনবসতিপূৰ্ণ অঞ্চলত বসবাস কৰিবলৈ বিশেষভাৱে অভিযোজিত বাবে বনাঞ্চল ধ্বংস বা নগৰীকৰণে ইয়াৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাই৷

licence
cc-by-sa-3.0
droit d’auteur
Wikipedia authors and editors