dcsimg

পানী বগলী ( Assamesa )

fornecido por wikipedia emerging languages

পানী বগলী[2] (ইংৰাজী: Intermediate Egret বা Median Egret,[3] বা Smaller Egret[4]বা Yellow-billed Egret, বৈজ্ঞানিক নাম-Mesophoyx intermedia) এটা মজলীয়া আকাৰৰ বগলীৰ প্ৰজাতি৷ ই পূব আফ্ৰিকা, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এটা স্থানীয় চৰাই৷

বিৱৰণ

পানীবগলীৰ দেহৰ আকাৰ বৰ বগ আৰু বামুণ বগলীৰ আকাৰৰ মাজৰ অৰ্থাৎ মধ্যমীয়া হয়৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ৫৬-৭২ ছে: মি: আৰু ওজন প্ৰায় ৪০০ গ্ৰাম হোৱা দেখা যায়৷ [5]৷ ইয়াৰ দেহটো বগা ঢকঢকীয়া, ঠেং গাঢ় আৰু ঠোঁট হালধীয়া হয়৷ প্ৰজননৰ কালত পূৰ্ণবয়স্ক পানীবগলীৰ ঠৌঁট ৰঙচুৱা হয়৷ মতা-মাইকী উভয়ে দেখাত একে হয়৷

বৰ বগৰ সৈতে পাৰ্থক্য

 src=
বৰ বগ আৰু পানীবগলীৰ পাৰ্থক্য
 src=
মূৰ অংশ

প্ৰজনন নোহোৱা কালত আকাৰৰ বাহিৰে দুয়োবিধ প্ৰজাতিৰ বিশেষ পাৰ্থক্য দেখা পোৱা নাযায়৷ অৱশ্যে পানীবগলীৰ ডিঙি আৰু ঠোঁট কিছু চুটি হয়৷ সুক্ষ্মভাৱে লক্ষ্য কৰিলে দেখা যায় যে বৰ বগৰ ঠোঁটৰ মাজত থকা নোমবিহীন আঁচডাল চকুৰ পিছলৈকে থাকে, কিন্তু পানীবগলীৰ এই আঁচডাল চকুৰ তলতে শেষ হয়৷ পানীবগলীয়ে ডিঙি মেলি খাদ্যৰ বাবে জোপ লৈ থাকে৷ বৰ বগ ইয়াতকৈ অধিক ধৈৰ্য্যশীল আৰু ই প্ৰায়ে একাষে মুৰ কৰি এটা চকুৰে চোৱাৰ দৰে কৰি জোপ লয়৷

বামুণ বগলীৰ সৈতে পাৰ্থক্য

বামুণ বগলীৰ ঠেং হালধীয়া আৰু ঠোঁট ক'লা বৰণৰ হোৱা দেখা যায়৷ প্ৰজনন কালত ইহঁতৰ মূৰৰ পৰা বিশেষ ধৰণৰ পাখি ওলায় যিটো পানী বগলীৰ ক্ষেত্ৰত দেখা নাযায়৷

বিতৰণ

বাসস্থান

আচৰণ

খাদ্য

পানী বগলীয়ে সাধাৰণতে পানীৰ পৰা বিভিন্ন ধৰণৰ মাছ, পোক-পতংগ, কেকোঁৰা, ভেকুলী আদি চিকাৰ কৰি খায়৷ ই প্ৰায়ে জোপ লৈ থাকি অগভীৰ পানীত খাদ্যৰ সন্ধান কৰা দেখা পোৱা যায়৷

প্ৰজনন

পানী বগলীয়ে প্ৰায়ে আন জলচৰ চৰাইৰ স'তে বৃহৎ ক'লনী গঠন কৰি বাস কৰে৷ ই গছৰ ডালি-পাত আদিৰে বাহ সাজে৷ এবাৰত ই ২-৫ টাকৈ কণী পাৰে৷

তথ্যসুত্ৰ

  1. BirdLife International (2008). Mesophoyx intermedia. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 9 February 2009. Database entry includes justification for why this species is of least concern.
  2. N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  3. Grewal, Bikram; Bill Harvey and Otto Pfister (2002). Photographic guide to birds of India. Periplus editions.
  4. Ali, S. (1993). The Book of Indian Birds. প্ৰকাশক Bombay: Bombay Natural History Society. ISBN 0-19-563731-3.
  5. del Hoyo,J., Elliott, A. and Sargatal, J.(1992) Handbook of the Birds of the World. Volume 1: Ostrich to Ducks. Lynx Edicions, Barcelona.

লগতে চাওক

licença
cc-by-sa-3.0
direitos autorais
Wikipedia authors and editors
original
visite a fonte
site do parceiro
wikipedia emerging languages

পানী বগলী: Brief Summary ( Assamesa )

fornecido por wikipedia emerging languages

পানী বগলী (ইংৰাজী: Intermediate Egret বা Median Egret, বা Smaller Egretবা Yellow-billed Egret, বৈজ্ঞানিক নাম-Mesophoyx intermedia) এটা মজলীয়া আকাৰৰ বগলীৰ প্ৰজাতি৷ ই পূব আফ্ৰিকা, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এটা স্থানীয় চৰাই৷

licença
cc-by-sa-3.0
direitos autorais
Wikipedia authors and editors
original
visite a fonte
site do parceiro
wikipedia emerging languages