dcsimg
Image of <i>Agaricus silvicola</i>

Fungus

Fungi

ভেঁকুৰ ( Assamese )

provided by wikipedia emerging languages

ভেঁকুৰ (ইংৰাজী: Fungus) ক বহুবচনত fungi বোলে৷ 'fungi' শব্দটো লেটিন শব্দ,ইয়াৰ অৰ্থ হ'ল "বেংছতা"(mushroom)৷ বিজ্ঞানৰ যি শাখাত ভেঁকুৰ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক মাইক'ল'জি (mycology) বোলে৷ এই শাখাৰ বিশেষজ্ঞজনক মাইক'ল'জিষ্ট (mycologist) বোলে৷ মাইক'ল'জিৰ প্ৰতিষ্ঠাপক হ'ল -ইটালিউদ্ভিদ বিজ্ঞানী পিয়েৰ এণ্টনিঅ' মাইকেলি(১৭২৯ চনত)৷ ভেঁকুৰ হ'ল উদ্ভিদজগতৰ অন্তৰ্গত ক্লৰ'ফিলবিহীন আৰু প্ৰকৃত কোষকেন্দ্ৰযুক্ত সৰল প্ৰকৃতিৰ জীৱ৷ ভেঁকুৰৰ দেহটো উচ্চশ্ৰেণীৰ উদ্ভিদৰ দৰে কাণ্ড,পাত আৰু মূলত বিভক্ত নহয়৷ ইহঁতৰ দেহটোক সমকায় (thallus) বোলে৷ [2]

 src=
Fungal Hyphae Cells
1- Hyphal wall 2- Septum 3- Mitochondrion 4- Vacuole 5- Ergosterol crystal 6- Ribosome 7- Nucleus 8- Endoplasmic reticulum 9- Lipid body 10- Plasma membrane 11- Spitzenkörper 12- Golgi apparatus

বাসস্থান

ভেঁকুৰ পৃথিৱীৰ সকলো ঠাইতে সকলো পৰিবেশত পোৱা যায়,অৰ্থাৎ ভেঁকুৰ সৰ্বব্যাপী (ubiquitous)৷ জল,স্থল,বায়ু আৰু পোহৰৰ উপস্থিতি বা অনুপস্থিতিত ভেঁকুৰে বসবাস কৰিব পাৰে৷ ই যেনেকৈ নিম্ন উষ্ণতা (০°C তকৈ কম) ত বাচি থাকিব পাৰে,ঠিক তেনেকৈ মৰুভূমিৰ গৰম পৰিবেশতো জন্মা দেখা যায়৷ বেছিভাগ ভেঁকুৰে গেলা-পচা ফল,তৰকাৰী,ৰুটী,শুকান কাঠ,গলিত আৰু মৃত জীৱ-জন্তু আদিত জন্মে৷ কিছুমান জাম-জেলী,জোতা,পোছাক আদিত গজা দেখা যায়৷ আনকি কিছুমান ভেঁকুৰে মানুহ তথা ঘৰচীয়া জীৱ-জন্তুৰ ছাল,নোম,নখ,চকু আদিত বসবাস কৰে৷[2]

ভেঁকুৰৰ পুষ্টি

ভেঁকুৰৰ দেহত ক্ল'ৰ ফিল নথকা বাবে ইহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে,অৰ্থাৎ ইহঁত পৰপুষ্ট (heterotrophic)৷ ভেঁকুৰ সাধাৰণতে পৰজীৱী বা মৃতজীৱী হয়৷ কিছুমানে আকৌ আন উদ্ভিদৰ সৈতে সহজীৱী (symbiont) ৰূপে বাস কৰে৷ পৰজীৱী ভেঁকুৰে জীৱীত পোষকদেহৰ পৰা খাদ্য আহৰণ কৰে৷ এইবিলাক ভেঁকুৰ দুই প্ৰকাৰৰ-

  • বহি:পৰজীৱী (ectoparasite) : যিবোৰ পৰজীৱী ভেঁকুৰে পোষকদেহৰ বাহিৰত বাস কৰে৷
  • অন্ত:পৰজীৱী (endoparasite) : যিবোৰ পৰজীৱী ভেঁকুৰে পোষকদেহৰ ভিতৰত বাস কৰে৷[2]

দেহৰ গঠন

 src=
Bracket fungi on dead log

ভেঁকুৰৰ দেহটো এককোষী (যেনে-ইষ্ট ) বা বহুকোষী (যেনে-মিউকৰ) সূত্ৰাকাৰ হয়৷ এই বহুকোষী ভেঁকুৰবিলাকৰ দেহটো কিছুমান সূত্ৰৰ দ্বাৰা গঠিত৷ দেহ গঠনকাৰী সূত্ৰবিলাকৰ প্ৰতিডালক অনুসূত্ৰ বা হাইফা (hypha,বহুবচনত hyphae) বোলে৷ অনুসূত্ৰবোৰ শাখা-প্ৰশাখাযুক্ত আৰু পৰস্পৰ মিহলি হৈ থাকে৷ পৰস্পৰ মিহলি হৈ থকা অনুসূত্ৰৰ সমষ্টিটোক সূত্ৰপুঞ্জ (mycelium) বোলে৷ অনুসূত্ৰবোৰ অণুবীক্ষণ যন্ত্ৰত লক্ষ্য কৰিলে নলাকাৰ দেখায়৷ এই নলাকাৰ অনুসূত্ৰৰ মাজে মাজে কিছুমান প্ৰস্থবেৰ দেখা যায়৷ প্ৰস্থবেৰ থকা এই অনুসূত্ৰবোৰক প্ৰস্থবেৰবিশিষ্ট অনুসূত্ৰ (septate hyphae) বোলে৷ আনহাতে,কিছুমান ভেঁকুৰত নলাকাৰ অনুসূত্ৰবোৰত কোনো প্ৰস্থবেৰ নাথাকে,এনেধৰণৰ অনুসূত্ৰবোৰক প্ৰস্থবেৰহীন অনুসূত্ৰ (aseptate hyphae) বোলে৷ প্ৰস্থবেৰহীন অনুসূত্ৰবোৰক আকৌ চিন'চাইট (coenocyte) বোলে৷ প্ৰস্থবেৰবিশিষ্ট অনুসূত্ৰৰ প্ৰস্থবেৰখন ৰন্ধ্ৰযুক্ত বা ৰন্ধ্ৰহীন হ'ব পাৰে৷ যিবিলাক অনুসূত্ৰৰ প্ৰস্থবেৰখন ৰন্ধ্ৰযুক্ত,সেইবিলাক অনুসূত্ৰৰ কোষকোষকেন্দ্ৰ,চাইট'লাজম আৰু অন্যান্য পদাৰ্থ এটা কোষৰ পৰা আনটো কোষলৈ ৰন্ধ্ৰৰ মাজেৰে স্থানান্তৰ হয়৷[2]

কোষৰ গঠন

A whitish fan or funnel-shaped mushroom growing at the base of a tree.
Omphalotus nidiformis, a bioluminescent mushroom

প্ৰজনন

তথ্য সংগ্ৰহ

  1. The classification system presented here is based on the 2007 phylogenetic study by Hibbett et al.
  2. 2.0 2.1 2.2 2.3 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ৩০১ ৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

ভেঁকুৰ: Brief Summary ( Assamese )

provided by wikipedia emerging languages

ভেঁকুৰ (ইংৰাজী: Fungus) ক বহুবচনত fungi বোলে৷ 'fungi' শব্দটো লেটিন শব্দ,ইয়াৰ অৰ্থ হ'ল "বেংছতা"(mushroom)৷ বিজ্ঞানৰ যি শাখাত ভেঁকুৰ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক মাইক'ল'জি (mycology) বোলে৷ এই শাখাৰ বিশেষজ্ঞজনক মাইক'ল'জিষ্ট (mycologist) বোলে৷ মাইক'ল'জিৰ প্ৰতিষ্ঠাপক হ'ল -ইটালিউদ্ভিদ বিজ্ঞানী পিয়েৰ এণ্টনিঅ' মাইকেলি(১৭২৯ চনত)৷ ভেঁকুৰ হ'ল উদ্ভিদজগতৰ অন্তৰ্গত ক্লৰ'ফিলবিহীন আৰু প্ৰকৃত কোষকেন্দ্ৰযুক্ত সৰল প্ৰকৃতিৰ জীৱ৷ ভেঁকুৰৰ দেহটো উচ্চশ্ৰেণীৰ উদ্ভিদৰ দৰে কাণ্ড,পাত আৰু মূলত বিভক্ত নহয়৷ ইহঁতৰ দেহটোক সমকায় (thallus) বোলে৷ ৷

 src= Fungal Hyphae Cells
1- Hyphal wall 2- Septum 3- Mitochondrion 4- Vacuole 5- Ergosterol crystal 6- Ribosome 7- Nucleus 8- Endoplasmic reticulum 9- Lipid body 10- Plasma membrane 11- Spitzenkörper 12- Golgi apparatus
license
cc-by-sa-3.0
copyright
Wikipedia authors and editors