জিঞাখাটী (ইংৰাজী: Blue-tailed Bee-eater, বৈজ্ঞানিক নাম-Merops philippinus) 'Meropidae' গোটৰ এবিধ চৰাইৰ প্ৰজাতি৷ ই সাধাৰণতে দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰে বুলি জনা যায়৷ ই প্ৰধানকৈ এবিধ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি৷
জিঞাখাটীৰ দেহৰ বৰণ এই গোটৰ অন্য চৰাইবোৰৰ দৰেই খুবেই বৰ্ণময়৷ ইয়াৰ দেহটো মূলতঃ সেউজীয়া৷ ইয়াৰ মুখত নীলা দাগ আৰু চকুৰ কাষত ক'লা আঁচ থাকে৷ ইয়াৰ ডিঙি হালধীয়া আৰু মুগা বৰণৰ৷ জিঞাখাটীৰ নেজ নীলা, ঠোঁটৰ বৰণ আকৌ ক'লা৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ২৩-২৬ ছে: মি: পৰ্য্যন্ত হ'ব পাৰে৷ মতা আৰু মাইকীৰ বাহ্যিক গঠন প্ৰায় একে৷
জিঞাখাটীয়ে বিষুৱীয় অঞ্চলৰ মুকলি বাসস্থান যেনে খেতি-পথাৰ, উদ্যান আদিত প্ৰজনন কৰে৷ ইয়াক প্ৰায়ে জলাশয় সমূহৰ আশে পাশে দেখিবলৈ পোৱা যায়৷
এই গোটৰ অন্যান্য চৰাইৰ প্ৰজাতিৰ দৰেই ইও প্ৰধানকৈ পোক-পতংগ,জিঞা, বৰল আদি খাই জীয়াই থাকে৷ ই এই চিকাৰসমূহ বতাহতে ঠোঁটেৰে ধৰিব পাৰে৷ ধৰাৰ পিছত চিকাৰক জিৰণি লোৱা ঠাইত মৰিয়াই মাৰি পেলাই জিঞাখাটীয়ে ভক্ষণ কৰে৷
জিঞাখাটী সাধাৰণতে জাক পাতি বসবাস কৰা দেখা যায়৷ ইহঁতে নদীকাষৰীয়া বালিময় বা মুকলি খেতি পথাৰত ক'লনি গঠন কৰি বাহ সাজে৷ ই মাটিত দীঘলীবা সুৰংগ খান্দি তাৰ ভিতৰত পাঁচৰ পৰা সাতটাকৈ কণী পাৰে৷ মতা আৰু মাইকী দুয়ো কণীৰ যত্ন লয়৷