মন ডিমৰু বা এৱাঁ ডিমৰু (Ficus fistulosa)[1] মোৰেছি (Moraceae) পৰিয়ালৰ এবিধ সৰু আকাৰৰ ডিমৰু জাতীয় গছ[2]৷[3] এই গছজোপা অসমৰ পৰা টাইৱান, চীন, মালয়েছিয়া, ভিয়েটনাম আৰু নিউগিনি পৰ্যন্ত দেখা পোৱা যায়৷[4] [5]
এই ডিমৰুৰ ঠাল-ঠেঙুলিবোৰ ফেৰেঙণি মেলি প্ৰায়ে জোপোহাৰ আকৃতি লয়৷ বাকলিৰ ৰং মুগা-চানেকীয়া আৰু উপৰভাগ সাধাৰণতে নিমজ৷
মন ডিমৰুৰ পাতৰ আকাৰ ডাঙৰ, গুৰিৰফালে বহল আৰু আগফালে ক্ৰমে সৰু বা ঠেক হৈ যোৱা দেখা যায়৷ পাতৰ দাঁতিত কোনো খাঁজ কটা দাগ নাথাকে৷ তলৰ লুটিত সাধাৰণতে ক্ষুদ্ৰ ক্ষুদ্ৰ ফুটা থাকে৷ পাতৰ ঠাৰিডাল অলপ দীঘল হয়৷[3]
মন ডিমৰুৰ পুং পুষ্পৰ সংখ্যা তুলনামূলকভাৱে কম৷ স্ত্ৰী-পুষ্পৰ গৰ্ভকেশৰত পুষ্পৰ ৰেণু সংস্থাপিত হৈ ফল ধৰে৷ ফলৰ আকাৰ সৰু হয়৷[3]
মন ডিমৰু বা এৱাঁ ডিমৰু (Ficus fistulosa) মোৰেছি (Moraceae) পৰিয়ালৰ এবিধ সৰু আকাৰৰ ডিমৰু জাতীয় গছ৷ এই গছজোপা অসমৰ পৰা টাইৱান, চীন, মালয়েছিয়া, ভিয়েটনাম আৰু নিউগিনি পৰ্যন্ত দেখা পোৱা যায়৷