dcsimg

ভেদাই লতা ( Assamese )

provided by wikipedia emerging languages

ভেদাই লতা, পাদুৰী লতা বা পাদ্ৰী লেৱা (বৈজ্ঞানিক নাম: Paederia foetida; কাছাৰ: মুকুন্দ লতা; গাৰো: পাছুম; কছাৰী: চা-খি-ফু; কুকি: ৱেই-নাম-ব্ৰাং; খাচিয়া: মেই-ইন্-টু[3]) এবিধ গুল্মজাতীয় উদ্ভিদ৷ ইংৰাজীত এই লতাক ভিন্ন নাম যেনে skunkvine, stinkvine, বা Chinese fever vine বুলি জনা যায়৷[4]

এই লতাৰ পাত বা কাণ্ড মুচৰি দিলে চালফাৰৰ দৰে গন্ধ (sulphurous odour) ওলায়৷ এই গন্ধৰ কাৰণ হ’ল পাদুৰী লতাৰ পাত বা কাণ্ডত ছালফাৰৰ যৌগ যেনে ডাইমিথাইল ডাইছালফাইড (dimethyl disulphide) থাকে৷ মোহোৰি দিলে এই যৌগ থকা তেল বাহিৰ হয় আৰু তীব্ৰ গন্ধ ওলায়৷ [5] [6] এইকাৰণতে লতাবিধৰ অসমীয়া নাম পাদুৰী লতা৷

বিস্তৃতি

পাদুৰী লতা ক্ৰান্তীয় এছিয়াৰ থলুৱা উদ্ভিদ কিন্তু বৰ্তমান পলনেছিয়া, মেলানেছিয়া আৰু উত্তৰ আমেৰিকাতো পোৱা গৈছে৷[2] এছিয়াৰ বাংলাদেশ, ভূটান, কম্বোডিয়া, টাইৱান, চীন, ভাৰত, ইণ্ডোনেছিয়া, জাপান, লাওছ, মালয়েছিয়া, নেপাল, ম্যানমাৰ, ফিলিপিনছ, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, থাইলেণ্ড আৰু ভিয়েটনামত এই লতাবিধ পোৱা যায়৷ [2]

বিৱৰণ

পাদুৰী লতাৰ মূল লতাডালে গছৰ ওপৰলৈ আৰোহণ কৰোঁতে ঘড়ীৰ কাঁটাৰ বিপৰীতমুখী পথ অনুসৰণ কৰে৷ পাতবিলাক পত্ৰবৃন্তত বিপৰীতমুখ, দৈৰ্ঘ্য প্ৰায় ৬ ছেন্টিমিটাৰ আৰু প্ৰস্থ ২ ছেন্টিমিটাৰ৷[3]

এই লতাৰ ফুল গুলপীয়া আৰু ফুলৰ মুখ বেঙুণীয়া৷ ইয়াৰ দলমণ্ডল বেহি সদৃশ৷ বেটুপাতৰ দাঁত সুক্ষ্ম, সাধাৰণতে তিনিকোণীয়া৷ নলিৰ অন্তৰভাগ লোমযুক্ত৷

পাদুৰী লতাৰ ফল বৃত্তাকাৰ, ৰঙচুৱা, শোটোৰাপৰা আৰু পাখিযুক্ত৷[3]

ব্যৱহাৰ

পাদুৰী লতা পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ হয়৷ [7] তাৰোপৰি ভাৰতৰ উত্তৰ-পূব আৰু পূবৰ ৰাজ্যকেইখনত এই লতা পৰম্পৰাগত খাদ্যতো ব্যৱহাৰ কৰা হয়৷

চিত্ৰভঁৰাল

তথ্যউৎস

  1. This species was first described botanically and published in Mantissa Plantarum 1: 52. 1767. "Name - Paederia foetida L.". Tropicos. প্ৰকাশক Saint Louis, Missouri: Missouri Botanical Garden. http://www.tropicos.org/Name/27902990। আহৰণ কৰা হৈছে: August 9, 2010.
  2. 2.0 2.1 2.2
  3. 3.0 3.1 3.2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ.
  4. "Ecology of Paederia foetida". ISSG Database. Invasive Species Specialist Group (IUCN and SSC. http://www.issg.org/database/species/ecology.asp?si=632। আহৰণ কৰা হৈছে: August 9, 2010.
  5. Chanda, Silpi; Sarethy, Indira P.; De, Biplab; Singh, Kuldeep (2013-12-01). "Paederia foetida — a promising ethno-medicinal tribal plant of northeastern India" (en ভাষাত). Journal of Forestry Research খণ্ড 24 (4): 801–808. doi:10.1007/s11676-013-0369-2. ISSN 1993-0607. https://doi.org/10.1007/s11676-013-0369-2.
  6. K.C.Wong; G.L.Tan (Jan–Feb 1994). "Steam volatile constituents of the aerial parts of Paederia foetida L. (abstract)". Flavour and Fragrance Journal (Universiti Sains Malaysia, Penang, Malaysia: John Wiley & Sons, Inc.) খণ্ড 9 (1): 25–28. doi:10.1002/ffj.2730090106.
  7. Chanda, Silpi; Deb, Lokesh; Tiwari, Raj Kumar; Singh, Kuldeep; Ahmad, Sayeed (2015-09-03). "Gastroprotective mechanism of Paederia foetida Linn. (Rubiaceae) – a popular edible plant used by the tribal community of North-East India". BMC Complementary and Alternative Medicine খণ্ড 15 (1): 304. doi:10.1186/s12906-015-0831-0. ISSN 1472-6882. PMID 26335308. PMC 4557762. https://doi.org/10.1186/s12906-015-0831-0.
license
cc-by-sa-3.0
copyright
Wikipedia authors and editors

ভেদাই লতা: Brief Summary ( Assamese )

provided by wikipedia emerging languages

ভেদাই লতা, পাদুৰী লতা বা পাদ্ৰী লেৱা (বৈজ্ঞানিক নাম: Paederia foetida; কাছাৰ: মুকুন্দ লতা; গাৰো: পাছুম; কছাৰী: চা-খি-ফু; কুকি: ৱেই-নাম-ব্ৰাং; খাচিয়া: মেই-ইন্-টু) এবিধ গুল্মজাতীয় উদ্ভিদ৷ ইংৰাজীত এই লতাক ভিন্ন নাম যেনে skunkvine, stinkvine, বা Chinese fever vine বুলি জনা যায়৷

এই লতাৰ পাত বা কাণ্ড মুচৰি দিলে চালফাৰৰ দৰে গন্ধ (sulphurous odour) ওলায়৷ এই গন্ধৰ কাৰণ হ’ল পাদুৰী লতাৰ পাত বা কাণ্ডত ছালফাৰৰ যৌগ যেনে ডাইমিথাইল ডাইছালফাইড (dimethyl disulphide) থাকে৷ মোহোৰি দিলে এই যৌগ থকা তেল বাহিৰ হয় আৰু তীব্ৰ গন্ধ ওলায়৷ এইকাৰণতে লতাবিধৰ অসমীয়া নাম পাদুৰী লতা৷

license
cc-by-sa-3.0
copyright
Wikipedia authors and editors